২২ আৰু ২৩ আগষ্টত ভাস্কৰ নাট্য মন্দিৰত

257

প্ৰতিবছৰৰ দৰে এই বেলিও গুৱাহাটী বিদ্যালয়সমূহৰ প্ৰাক্তন ছাত্ৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ লক্ষৰে অহা ২২ আৰু ২৩ আগষ্ট তাৰিখে উজানবজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তৰ্ক, কবিতা আবৃত্তি, সমবেত সঙ্গীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। প্ৰতিখন বিদ্যালয়ৰ পৰা তৰ্ক, আবৃত্তি আৰু আধুনিক গীতৰ প্ৰতিযোগিতাত দুজনকৈ প্ৰতিযোগী আৰু সমবেত সঙ্গীতত সাতৰ পৰা বাৰ জনলৈ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব পাৰিব। সবিশেষ জানিবৰ বাবে ৯৩৯৫০৭৭৪৪৬ আৰু ৯৮৬৪০৬০২৫৭ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে।