২১ বছৰীয়া হ’ল ধিং এক্সপ্ৰেছ

61

দৌৰবিদ হীমা দাসৰ আজি ২১ বছৰীয়া জন্মদিন ৷ স্প্ৰীণ্টাৰ গৰাকীয়ে উদযাপন কৰিলে নিজৰ বিশেষ দিনটো ৷ অসমৰ তৰুণ ক্ৰীড়া তাৰকা গৰাকীয়ে নিষ্ঠা,একাগ্ৰতা আৰু প্ৰতিভাৰ বলত ইতিহাসত সোণালী আখৰেৰে খোদিত কৰিলে নিজৰ নাম ৷ বিশ্বৰ পটভূমিত উজ্বলাই তুলিলে মাতৃভূমিক ৷

২০১৮ চনত ২০ বছৰ অনূৰ্ধ্বৰ IAAF ৱৰ্ল্ড চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি গৌৰাৱান্বিত কৰিছিল দেশবাসীক ৷ দেশক প্ৰতিনিধিত্ব কৰি ইটোৰ পিছত সিটো পদকেৰে সন্মান কঢ়িয়াই আনিছে অসম সন্তান হিমাই ৷ আজি ওপজা দিনটোত অনুৰাগীসকলৰ লগতে অসমবাসীয়ে জন্মদিনৰ শুভেচ্ছা জনাইছে হিমাক ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ফোনযোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে দৌৰবিদ গৰাকীক ৷ লগতে ২০২১ ত অনুষ্ঠিত হ’ব লগীয়া টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে ৷