ষ্টাফৰিপৰ্টাৰ, ২০ জুন : ২১ জুনত সূৰ্যগ্ৰহণ হ’ব বছৰৰ প্ৰথমটো সূৰ্য্গ্ৰহণ। অসম বিজ্ঞান সমিতি আৰু ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অন্তৰ্ভুক্ত বিজ্ঞান প্ৰচাৰে ২১ জুনত হ’বলগীয়া বলয় সূৰ্যগ্ৰহণ পৰ্যবেক্ষণৰ বাবে বিশেয কাৰ্যসূচী গ্ৰহণ কৰিছে।
ইয়াৰ বাবে বিজ্ঞান প্ৰচাৰৰ তত্ত্বাৱধানত অসম বিজ্ঞান সমিতিয়ে ২০০ গৰাকী লোক প্ৰশিক্ষণ দিছে। অসম বিজ্ঞান সমিতিৰ তথ্য অনুসৰি বলয় গ্ৰহণৰ সময়ত উত্তৰ ভাৰতৰ ৰাজস্থান,পাঞ্জাৱ আৰু হিমাচল প্ৰদেশত এটা পটিৰ পৰা পূৰ্ণ বলয় দেখা যাব।
অসমত ৭৪%ৰ পৰা ৮৮% লৈকে সূৰ্যটো ঢাক খাই খণ্ডগ্ৰাস হিচাপে দেখা যাব।
অসমৰ শ্ৰীৰামপুৰত পুৱা ১০ বাজি ৫১ মিনিট ৫৭ ছেকেণ্ডত গ্ৰহণ আৰম্ভ হ’ব। আৰু জাগুণত বিয়লি ২ বাজি ৩০ মিনিট ৪৩ ছেকেণ্ডেত গ্ৰহণ অন্ত পৰিব।অসমত কেইখনমান স্থানত গ্ৰহণৰ সময় শ্ৰীৰামপুৰঃ গ্ৰহণৰ পৰিমান ৮০.৬৭%, আৰম্ভ হ’ব পুৱা ১০ বাজি ৫১ মিনিট ৫৭ ছেকেণ্ডত। সৰ্বোচ্চ ১২ বাজি ৪০ মিনিট ১৫ ছেকেণ্ডত, অন্ত পৰিব ২ বাজি ২০ মিনিট ১১ ছেকেণ্ডত।
গুৱাহাটীঃ গ্ৰহণৰ পৰিমান ৮০.০৭%, আৰম্ভ হ’ব পুৱা ১০ বাজি ৫৭ মিনিট ১৮ ছেকেণ্ডত, সৰ্বোচ্চ
১২ বাজি ৪৫ মিনিট ৫৫ ছেকেণ্ডত, অন্ত পৰিব ২ বাজি ২৪ মিনিট ০২ ছেকেণ্ডত।
বিশ্বনাথ চাৰিআলিঃ গ্ৰহণৰ পৰিমান ৮২.৬৯%, আৰম্ভ হ’ব পুৱা ১১ বাজি ০১ মিনিট ৪৭ ছেকেণ্ডত, সৰ্বোচ্চ
১২ বাজি ৪৯ মিনিট ৫১ ছেকেণ্ডত, অন্ত পৰিব ২ বাজি ২৬ মিনিট ২৫ ছেকেণ্ডত।
জোনাইঃ গ্ৰহণৰ পৰিমান ৮৭.৯৮%, আৰম্ভ হ’ব পুৱা ১১ বাজি ০৮ মিনিট ১৮ ছেকেণ্ডত,
সৰ্বোচ্চ ১২ বাজি ৫৫ মিনিট ০০ ছেকেণ্ডত, অন্ত পৰিব ২ বাজি ২৯ মিনিট ১৫ ছেকেণ্ডত।
জাগুণঃ গ্ৰহণৰ পৰিমান ৮৬.৫১%, আৰম্ভ হ’ব পুৱা ১১ বাজি ১০ মিনিট ২৪ ছেকেণ্ডত, সৰ্বোচ্চ
১২ বাজি ৫৭ মিনিট ০৪ ছেকেণ্ডত, অন্ত পৰিব ২ বাজি ৩০ মিনিট ৪৩ ছেকেণ্ডত।
হাইলাকান্দিঃ গ্ৰহণৰ পৰিমান ৭৪.৪২%, আৰম্ভ হ’ব পুৱা ১০ বাজি ৫৯ মিনিট ৫৪ ছেকেণ্ডত,
সৰ্বোচ্চ ১২ বাজি ৪৮ মিনিট ৫৩ ছেকেণ্ডত, অন্ত পৰিব ২ বাজি ২৬ মিনিট ১৩ ছেকেণ্ডত।
নিকট স্থানসমূহত গ্ৰহণৰ সময় প্ৰায় একেই থাকিব।
অসম বিজ্ঞান সমিতিয়ে ৰাজ্যৰ প্ৰতিগৰাকী লোককে অন্ধবিশ্বাসৰ বৰ্তী নহৈ বিজ্ঞান সন্মতভাৱে সূৰ্যগ্ৰহণ পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনাইছে।
লগতে অসম বিজ্ঞান সমিতিৰ আহ্বান যে, চকুত নিৰাপদ ফিল্টাৰ লগাই অথবা বেৰত-পৰ্দাত প্ৰতিবিম্বৰ সৃষ্টি কৰি সকলোৱে যাতে গ্ৰহণ চাই তাৰ বাবে সমিতিৰ সদস্যসকলে ব্যৱস্থা গ্ৰহণ কৰিব। খালী চকুৰে বাইন’কুলাৰ বা টেলিস্ক’পেৰে পোনপটীয়াকৈ নাচাবলৈও আহ্বান জনাইছে সমিতিয়ে।
উল্লেখযোগ্য যে ২১ জুন উত্তৰ গোলাৰ্দ্ধৰ আটাইতকৈ দীঘল দিন আৰু সূৰ্যই ক্ৰমে উত্তৰৰ পৰা দক্ষিণ গোলাৰ্দ্ধলৈ গতি কৰিবলৈ আৰম্ভ কৰিব। আনহাতে কাইলৈ আটাইতকৈ দীঘল দিন হিচাপে বিবেচিত হ’ব। কাইলৈৰ পিছত দিন ছুটি হ’ব।