২০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে কৰায়ত্ব আবকাৰী বিভাগৰ অধ্যক্ষা

178

মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

মৰিগাঁৱৰ আবকাৰী বিভাগৰ অধ্যক্ষা বৰষা বৰা বৰদলৈক উৎকোচ লোৱাৰ সময়তে হাতে-লোটে আটক।

২০ হাজাৰ টকাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত কৰায়ত্ব আবকাৰী বিভাগৰ অধ্যক্ষা গৰাকী।

জাগীৰোডৰ চিন্ময় তামুলী নামৰ এজন ব্যৱসায়ীৰ পৰা ১ লাখ টকা উৎকোচ বিচাৰিছিল বিষয়াগৰাকীয়ে।

আজি তাৰেই ২০ হাজাৰ টকা লওঁতেই আবকাৰী অধ্যক্ষা বৰষা বৰা বৰদলৈক হাতে–লোটে আটক কৰে দুৰ্নীতি নিৰ্বাৰক শাখাই।