২০ বছৰেও নগাঁৱৰ এগৰাকী মহিলাই লাভ কৰা নাই চৰকাৰী চাকৰিয়ালৰ পৰিয়াল পেঞ্চন

334

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁৱৰ এগৰাকী চৰকাৰী চাকৰিয়ালৰ বিধবা পত্নীৰ বিননি। ২০ বছৰে চৰকাৰী কাৰ্যালয়ত তাঁতবাটি কৰিও লাভ কৰা নাই চৰকাৰী পেঞ্চন। নগাঁও জিলাৰ ফুলগুৰিৰ গাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী দেৱকান্ত পাটৰৰ ২০০১ চনতে এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। ইয়াৰ পাছতে দেৱকান্ত পাটৰৰ পত্নী মামণি পাটৰে নগাঁও ম’হখুলিস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়ত নিজ স্বামীৰ পেঞ্চনৰ বাবে আবেদন কৰে।

কিন্ত অতি পৰিতাপৰ কথা যে বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে অবহেলা কৰি পেঞ্চনৰ কামটো আগবঢ়াই নিদিলে। মহিলাগৰাকী কাৰ্যালয়লৈ আহিলে বিষয়া কৰ্মচাৰীয়ে দেৱকান্ত পাটৰৰ পেঞ্চনৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ কাৰ্যালয়ৰ পৰা হেৰাই যোৱা বুলি দায়সৰা মন্তব্য দিয়ে।

যাৰ ফলত মহিলা গৰাকীয়ে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে-দুৱাৰে ঘুৰিও নিজ স্বামীৰ প্ৰাপ্য পেঞ্চন লাভ কৰিবলৈ সক্ষম নহ’ল। বিভাগটোৰ এনে অবহেলাৰ বাবেই চৰকাৰী পেঞ্চনৰ পৰা বঞ্চিত হৈ বিগত ২০ টা বছৰে নিজৰ সা সম্পত্তি বিক্ৰী কৰি পৰিয়াল চলাই সৰ্বস্ৰান্ত হৈ পৰিছে মহিলাগৰাকী।

সম্প্ৰতি পেটৰ তাড়নাত আনৰ ঘৰত হাজিৰা কৰি দিন পাৰ কৰা অসহায় মহিলাগৰাকীয়ে সংবাদ মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক এই ক্ষেত্ৰত সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে।