২০ অক্টোবৰ পৰ্যন্ত কাৰাগাৰৰ ভিতৰতে থাকিব লাগিব ৰিয়া-সৌভিক

52

ডিজিটেল ডেস্কঃ ২০ অক্টোবৰলৈকে কাৰাগাৰৰ ভিতৰত থাকিব লাগিব অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু ভাতৃ সৌভিক চক্ৰৱৰ্তী। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুকাণ্ডৰ পিছত পোহৰলৈ অহা ড্ৰাগছ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত নাৰ্ক’টিক কণ্ট্ৰ’ল ব্যুৰ’ চমুকৈ এনচিবিয়ে অভিনেত্ৰী ৰিয়া আৰু ভাতৃ সৌভিক চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিছিল।

বিগত এমাহ ধৰি কাৰাগাৰৰ ভিতৰত থকা সুশান্ত সিঙৰ প্ৰাক্তন প্ৰেয়সী ৰিয়া আৰু সৌভিকৰ ন্যায়িক জিম্মাৰ ম্যাদ মঙলবাৰে মুম্বাইৰ এখন বিশেষ আদালতে বৃদ্ধি কৰে। যাৰ পিছত ২০ অক্টোবৰ পৰ্যন্ত এতিয়া দুই ভাতৃ-ভগ্নী কাৰাগাৰৰ ভিতৰতে থাকিব লাগিব।

উল্লেখ্য যে, ৰিয়া আৰু সৌভিকৰ বিৰুদ্ধে ড্ৰাগছ সেৱনৰ উপৰিও বলীউডৰ বিভিন্নজনলৈ ড্ৰাগছৰ যোগান ধৰাৰ অভিযোগ আছে। সুশান্ত সিঙৰ মৃত্যুৰ সৈতেও ৰিয়া চক্ৰৱৰ্তী জড়িত থকাৰ দাবী সুশান্তৰ পৰিয়াল তথা অনুৰাগীয়ে। কিন্তু শেহতীয়াকৈ দিল্লীৰ এইমছৰ বিশেষজ্ঞ পেনেলে অভিনেতাজনৰ হত্যাৰ অভিযোগ খাৰিজ কৰাৰ পিছতে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে থকা হত্যাৰ অভিযোগো একপ্ৰকাৰ খণ্ডন হৈছে। অৱশ্যে এই ঘটনাৰ তদন্ত অব্যাহত ৰখা চিবিআইয়ে ঘটনাক অন্য ধৰণেৰে তদন্ত চলাই নিছে।