আৰ্জেণ্টিনাৰ তাৰকা লিয়নেল মেছিয়ে ২০২৬ চনৰ পৰৱৰ্তী বিশ্বকাপত খেলিব নোৱাৰিব, কিন্তু তেওঁ বিচাৰে যে লিয়োনেল স্কেলোনি তেতিয়ালৈকে দলটোৰ মুখ্য প্ৰশিক্ষক হৈ থাকক। মেছিৰ অধিনায়কত্বত আৰ্জেণ্টিনাই ডিচেম্বৰত দোহাত অনুষ্ঠিত বিশ্বকাপ জিকিছিল। পৰৱৰ্তী বিশ্বকাপ মেক্সিকো, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’ব আৰু তেতিয়ালৈকে তেওঁৰ বয়স ৩৯ বছৰ হ’ব। তেওঁ স্থানীয় সংবাদ মাধ্যমক কয় যে এই বয়সত আন এখন বিশ্বকাপ খেলা কঠিন হ’ব। তেওঁ কয়-মই ফুটবল খেলি ভাল পাওঁ। মই ফিট আৰু খেলখন উপভোগ কৰি আছো কিন্তু বিশ্বকাপ এতিয়াও বহু দূৰত আছে। এই মুহূৰ্তত তেওঁৰ লক্ষ্য হৈছে অহা বছৰ কোপা আমেৰিকা খিতাপ বজাই ৰখা। আনহাতে, প্ৰশিক্ষক স্কেলোনিয়ে আৰ্জেণ্টিনা ফুটবল ফেডাৰেচনৰ সৈতে তেওঁৰ চুক্তি সম্প্ৰসাৰিত কৰিব বিচাৰে আৰু মেছিয়ে কয় যে তেওঁ এই পদত বৰ্তি থাকিব লাগে। তেওঁ দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ।
