New Delhi: BJP workers carry a giant cut-out of Prime Minister Narendra Modi as they celebrate the partys victory in the UP and Uttarakhand Assembly elections, at the party headquarters in New Delhi on Saturday. PTI Photo by Manvender Vashist(PTI3_11_2017_000231B)
ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ২০২২-২৩ বিত্তীয় বৰ্ষত কোম্পানী, নিৰ্বাচনী ন্যাস, ব্যক্তি আৰু তেওঁলোকৰ সাংসদসকলৰ পৰা প্ৰায় ৭২০ কোটি টকাৰ অনুদান লাভ কৰে। চলিত বৰ্ষৰ অক্টোবৰত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা আৰু বৃহস্পতিবাৰে নিৰ্বাচনী পেনেলৰ দ্বাৰা ৰাজহুৱা কৰা এক অনুদান প্ৰতিবেদন অনুসৰি, শাসকীয় বিজেপিয়ে ৭১৯.৮৩ কোটি টকা অনুদান লাভ কৰিছে। ভাৰতী এণ্টাৰপ্ৰাইজেছ সমৰ্থিত প্ৰুডেণ্ট ইলেক্ট’ৰেল ট্ৰাষ্টে ২৫৪.৭৫ কোটি টকা দান কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে ট্ৰাষ্টে কেইবাটাও কিস্তিত এই অনুদান প্ৰদান কৰিছে।
ৰাজনৈতিক দলবোৰে বিত্তীয় বৰ্ষত ২০,০০০ টকাৰ অধিক অনুদানৰ বিৱৰণ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিব লাগিব।
