২০২১ ত অসমত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হব-গৌৰৱ গগৈ

80

নিৰ্বাচনৰ দিন চমু চাপি আহাৰ লগে লগে শাসক বিৰোধী সকলে ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত তুলিছে৷আজি দলগাঁও সমষ্টিৰ নমাটিত কংগ্ৰেছী নেতা আতাউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক বিশাল নিৰ্বাচনী সভাত আজি কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বিধায়ক ইলিয়াছ আলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷সভাত উপস্থিতত থকা ৰাইজৰ আগত গৌৰৱ গগৈয়ে ভাষণ প্ৰসংগত বিজেপি চৰকাৰক ক্ষোৰধাৰ সমালোচনা কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছ দলক ভোট দিবলৈ আহব্বান জনোৱাৰ লগতে কয় যে,বিধায়ক ইলিয়াছ আলীক চতুৰ্থ বাৰৰ বাবে দলগাঁও সমষ্টিৰ পৰা বিজয়ী কৰালে ভাল এটা স্থানত ৰখা হব৷লগতে নেতা গৰাকীয়ে কয় যে,এইবাৰ অসমৰ পৰা সাম্প্ৰদায়িক দল বিজেপিক উৎখাত কৰি কংগ্ৰেছ নেতৃত্বাধীন মহাজোট চৰকাৰ গঠন কৰিব৷সভাত উপস্থিত থকা জেষ্ঠ কংগ্ৰেছী নেতা আতাউৰ ৰহমানে কয় যে,দলগাঁও সমষ্টিৰ পৰা বিধায়ক ইলিয়াছ আলীয়ে চতুৰ্থ বাৰৰ বাবে বিজয়ী হব আৰু মন্ত্ৰীত্ব লাভ কৰিব৷লগতে নেতা গৰাকীয়ে কয় যে,এইবাৰ অসমত ২০২১ ত কংগ্ৰেছ নেতৃত্বাধীন মহাজোটে চৰকাৰ গঠন কৰিব৷