মহানগৰীত লকডাউনৰ সময়ত পৰ্যাপ্ত পৰিমাণে নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগানৰ আহ্বানক চৰকাৰক
ষ্টাফৰিপৰ্টাৰ, ৰাষ্ট্ৰীয় জনতা দল, অসম ৰাজ্যৰ সভাপতি সোণাৰুল শ্বাহ মুস্তাফা, সাধাৰণ সম্পাদকদ্বয় ভূপেন শৰ্মা আৰু সত্যজিৎ দে’ই কয়”কোনো দলৰ লগত বুজাপৰা ন’হলে ৰাষ্ট্ৰীয় জনতা দলে ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনত উজনি, মধ্য নামনি আৰু বৰাক উপত্যকাত ৩০ খন আসনত প্ৰাৰ্থীত্ব আগবঢ়াব। ইতিমধ্যে দলীয় উৰ্ধতম কৰ্তৃপক্ষৰ লগত আলোচনা মৰ্মে উজনি অসমত ১০ খন, গুৱাহাটী মহানগৰীত ২ খন, বৰাক উপত্যকাত ৪ খন আৰু মধ্য নামনি অসমত ১৪ খন বিধান সভা আসন বাছনি কৰা হৈছে। লগতে গুৱাহাটী মহানগৰীত লকডাউনৰ সময়ত পৰ্যাপ্ত পৰিমাণে নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ বাবে অসম চৰকাৰক ৰাষ্ট্ৰীয় জনতা দলে অনুৰোধ জনাইছে।”
