২০২১ৰ গণতন্ত্ৰ দিৱসলৈ আমন্ত্ৰণ গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব’ৰিছ জনচনক…

56

ডিজিটেল ডেস্ক:- ২০২১ চনৰ ভাৰতৰ গণতন্ত্ৰ দিৱসলৈ আমন্ত্ৰণ জনোৱা হৈছে গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব’ৰিছ জনচনক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২৭ নৱেম্বৰত গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী গৰাকীক টেলিফোনিক বাৰ্তালাপত গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত ভাগ লবলৈ আমন্ত্ৰণ জনায়।

আনহাতে, জনচনে তেওঁৰ ফালৰপৰা প্রধানমন্ত্রী মোদীক অহা বছৰ গ্ৰেট ব্ৰিটেইনত হ’ব লগা জি-7 সম্মিলনত যোগদান কৰিবলৈ আমন্ত্রণ জনাইছে বুলি জানিবলৈ দিয়ে।

ভাৰতৰ গণতন্ত্ৰ দিৱসত যোগ দিবলৈ অহা গ্ৰেট ব্ৰিটেইনৰ শেষৰজন প্ৰধানমন্ত্ৰী আছিল জন মেজৰ ৷ তেওঁ আহিছিল ১৯৯৩ চনত ৷