২০২০-২১ বৰ্ষত বন্ধন বেংকৰ মুঠ লাভ হৈছে ২,২০৫ কোটি টকা

75

বন্ধন বেংকে ২০২১ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বছৰটোৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে। ২০২০-২১ বৰ্ষত, বন্ধন বেঙ্কৰ ব্যৱসায় ২৮% বৃদ্ধি হৈ ১.৬৫ লাখ কোটি টকা আৰু বছৰৰ অন্তিম তিনিমাহত মুঠ লাভ হৈছে ১০৩ কোটি টকা। ২০২০-২১ বৰ্ষৰ সমগ্ৰ বিত্তীয় বৰ্ষৰ মুঠ লাভ হৈছে ২,২০৫ কোটি টকা।

বন্ধন বেঙ্কৰ জমা ৩৭% বৃদ্ধি পাই মুঠ জমা হৈছে ৭৭,৯৭২ কোটি টকা। চলিত একাউণ্ট আৰু সঞ্চয় একাউণ্ট ৬১% বৃদ্ধি হৈছে আৰু মুঠ অগ্ৰিম ৮৭,০৫৪ কোটি টকা আৰু মূলধন অনুপাত ২৩.৫% বৃদ্ধি হৈছে। এই ফলাফলৰ ভিত্তিত বন্ধন বেংকৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া শেখৰ ঘোষে কয়, যোৱা এবছৰত অৰ্থনীতি লাহে লাহে আগবাঢ়িছে আৰু বছৰটোৰ শেষ চতুৰ্থাংশতো আমি ইয়াক লক্ষ্য কৰিছো। বন্ধন বেংকে ১,১৪৯ টা শাখা আৰু ৫৩৭১ টা বেঙ্কিং বিপনীৰ জৰিয়তে ২.৩৭ কোটি গ্ৰাহকক সেৱা প্ৰদান কৰিছে।