২০১৯ বৰ্ষৰ ইউ পি এছ চি পৰীক্ষাৰ ফলাফল ঘোষণা

94

ষ্টাফৰিপৰ্টাৰ, ২০১৯ বৰ্ষৰ ইউ পি এছ চি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ২০১৯চনৰ জুন মাহত অনুষ্ঠিত হৈছিল এই পৰীক্ষা।ঘোষণা কৰা তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে ক্ৰমে প্ৰথম প্ৰদীপ সিং,যতিন কিশোৰ আৰু প্ৰতিভা বাৰ্মাই।এই পৰীক্ষাত দেশৰ মুঠ ৮২৯গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে।ইয়াৰে ভিতৰত ৫৯সংখ্যক স্থান লাভ কৰি উজলিল অসম সন্তান আৰণ্যক শইকীয়া। উল্লেখ্য আৰণ্যক শইকীয়া অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান তথা বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ পুত্ৰ।আৰণ্যকে দ্বিতীয়বাৰলৈ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত জিলিকিবলৈ সক্ষম হৈছে।ইয়াৰ পূৰ্বেও তেওঁ চিভিল চাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।২০১৭চনত প্ৰথমবাৰ তেওঁ ইউ পি এছ চিৰ পৰীক্ষাত ১৪৮সংখ্যক স্থান দখল কৰিছিল।আৰণ্যক শইকীয়া বৰ্তমান ভাৰতীয় আৰক্ষী সেৱাৰ কৰ্ণাটক কেডাৰৰ বিষয়া হিচাপে প্ৰশিক্ষণত আছে। ইউ পি এছ চি ৰ চিভিল ছাৰ্ভিচেছ পৰীক্ষা ২০১৯ ৰ ফলাফলত উজলিল ৩ অসম সন্তান। ৫৯নং স্থানত অসমৰ আৰণ্যক শইকীয়া৬৯৭নং স্থানত যোৰহাটৰ নিবেদিতা দত্ত। ৭৬৬নং স্থানত অসমৰ আনজন তপন ডেকা। আৰণ্যক শইকীয়া প্ৰাক্তন ডি জি পি কুল শইকীয়াৰ পুত্ৰ। পূৰ্বেও চিভিল ছাৰ্ভিচেছৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰণ্যক। বৰ্তমান আৰক্ষী সেৱাৰ বিষয়া হিচাপে কৰ্মৰত আৰণ্যক।