২০১৭ৰ পিছত প্ৰথমবাৰলৈ ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ৱেষ্ট ইণ্ডিজৰ

173

বেটছমেনৰ হতাশাজনক প্ৰদৰ্শন আৰু প্ৰতিকূল বতৰৰ ফলত দেওবাৰে পঞ্চম আৰু অন্তিম টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ৱেষ্ট ইণ্ডিজৰ হাতত আঠ উইকেটত পৰাস্ত হৈ ভাৰতে শৃংখলাটো ২-৩ ত হেৰুৱায়। ৱেষ্ট ইণ্ডিজে এনেদৰে ২০১৭ৰ পিছত ভাৰতৰ বিৰুদ্ধে প্ৰথম টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা জিকিছে। অন্তিম খন খেলৰ বিজয়ত ব্ৰেণ্ডন কিং তাৰকা আছিল, যাৰ অপৰাজিত ৮৫ ৰানত পাঁচটা চাৰি আৰু ছয়টা ছয় অন্তৰ্ভুক্ত আছিল। টি-২০ আন্তৰ্জাতিক খেলতো এইটো তেওঁৰ সৰ্বশ্ৰেষ্ঠ স্ক’ৰ। কেপ্টেইন হাৰ্দিক পাণ্ডিয়াৰ দলটোৱে ০-২ ত পিছ পৰাৰ পিছত শৃংখলাটো ২-২ ত সমতা লৈ উভতিবলৈ সক্ষম হৈছিল, কিন্তু নিৰ্ণায়ক খেলখনত খেলুৱৈসকল বিফল হয়। সূৰ্যকুমাৰ যাদৱে (৬১) শৃংখলাটোৰ দ্বিতীয়টো অৰ্ধশতক অৰ্জন কৰে যদিও আন বেটছমেনৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত ন টা উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্ৰহ কৰে।পিটছত ষ্ট্ৰোক মাৰিবলৈ সহজ নাছিল, তথাপিও সূৰ্যকুমাৰে তেওঁৰ ৪৫ বলত ৬১ ৰান অর্জনৰ সময়ত চাৰিটা চাৰি আৰু তিনিটা ছয় মাৰিছিল।
টাৰ্গেট অনুসৰণ কৰি ৱেষ্ট ইণ্ডিজে দুটা অভাৰ বাকী থকা অৱস্থাত দুটা উইকেটত ১৭১ ৰান সংগ্ৰহ কৰি শৃংখলা দখল কৰে। দলটোৰ হৈ উইকেটকিপাৰ বেটছমেন নিকোলাছ পুৰাণ ৪৭ ৰান অর্জন কৰে।