২০১৪ চনতহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছিল: পুনৰ বিতৰ্কিত মন্তব্য কংগনাৰ

92

ডিজিটেল ডেস্কঃ ২০১৪ চনতহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছিল। অভিনেত্ৰী কংগনা ৰাণাৱটে শেহতীয়াকৈ ‘টাইমছ’ৰ এখন সন্মিলনত অংশ গ্ৰহণ কৰি এনে মন্তব্য কৰাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

নিজৰ মন্তব্যৰে প্ৰায়ে বিতৰ্কৰ আওতাত সোমাই পৰা অভিনেত্ৰী কংগনা ৰাণাৱটে কেতিয়াবা যদি জেএনইউক লৈ বিতৰ্কিত মন্তব্য কৰিছে, কেতিয়াবা আকৌ কৃষক আন্দোলনক লৈ সৃষ্টি কৰিছে বিতৰ্কৰ। বলীউডৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় তাৰকা বনাম ভাৰতীয় তাৰকাসকলৰ ওপৰত কেইবাটাও মন্তব্যৰে দেশৰ কৃষক আন্দোলনক লৈ বিতৰ্কত লিপ্ত হৈছে। অভিনেত্ৰী গৰাকীৰ এনে আচৰণৰ বাবেই টুইটাৰে দীৰ্ঘসময়ৰ পৰা তেওঁৰ টুইটাৰ হেণ্ডলো ব্লক কৰি ৰাখিছে।

দ্য টাইমছৰ দ্বাৰা আয়োজিত এখন সন্মিলনত ভাষণ দি কংগনা ৰাণাৱটে কয়, “১৯৪৭ চনত দেশখনে প্ৰকৃততে স্বাধীনতা লাভ কৰা নাছিল। স্বাধীনতাৰ ভীক্ষাহে পাইছিল। প্ৰকৃত স্বাধীনতা ২০১৪ চনত আহিছিল।” অভিনেত্ৰীগৰাকীৰ মন্তব্যৰ পিছতে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বহুতে অভিনেত্ৰীগৰাকীৰ কঠোৰ ভাষাৰে সমালোচনা কৰে।

সততে মোদী আৰু বিজেপিৰ তৈল মৰ্দনত ব্যস্ত থকা কংগনাক এগৰাকী নেটিজেনে সমালোচনা কৰি লিখে- “প্লাষ্টিকৰ তৰোৱালেৰে কাঠৰ ঘোঁৰাত উঠি নিজকে মহান সজোৱা কংগনাই চৰকাৰৰ তোষামোদ কৰিবলৈ গৈ স্বাধীনতাৰ সেনানীক অপমান কৰিছে। হাজাৰ হাজাৰ ত্যাগক ভিক্ষাৰ পৰিণাম বুলি কৈছে।” কেৱল চৰকাৰী পুৰস্কাৰ লাভ কৰিবলৈকে কংগনা ৰানাৱতে এনে মন্তব্য কৰা বুলিও কটাক্ষ কৰে বহুতে।