১.৯ কোটি টকাত নিলাম হল অসম কন্যা লাভলীনাই টকিঅ’ অলিম্পিকত পদক অৰ্জন কৰা হেণ্ড গ্ল’ভছযোৰ। উল্লেখ্য যে, অলিম্পিকত পদক অৰ্জনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিজৰ হেণ্ড গ্ল’ভছযোৰ উপহাৰ হিচাপে প্ৰদান কৰিছিল লাভলীনা বৰগোহাঁইয়ে।
আনহাতে প্ৰধানমন্ত্ৰীৰ ৭১ সংখ্যক জন্মদিনত তেওঁৰ উপহাৰসমূহ নিলাম কৰা হয়। যত প্ৰথম দিনাই ১.৯ কোটি টকাত নিলাম হয় লাভলীনা বৰগোহাঁইৰ পৰা উপহাৰ স্বৰূপে লাভ কৰা হেণ্ড গ্ল’ভছযোৰ। এই হেণ্ড গ্ল’ভছযোৰৰ নিলামৰ প্ৰাৰম্ভিক মূল্য নিৰ্ধাৰণ কৰা হৈছিল ৮০ লাখ টকা।
ইফালে লাভলীনাৰ হেণ্ড গ্ল’ভছৰ পিছতে দ্বিতীয় সৰ্বাধিক মূল্য অৰ্থাৎ ১.৫৫ কোটি টকাত নিলাম হয় অলিম্পিকত সোণৰ পদক আজোৰা নীৰজ চোপ্ৰাৰ জেভলিন। উল্লেখ্য যে ১৯ দিনলৈ চলিব লগীয়া এই নিলামী প্ৰক্ৰিয়াৰ দ্বাৰা লাভ কৰা ধন নমামী গঙ্গা প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হব।
