১ নং বগিদাৰাত দহ-বাৰ জনীয়া গুণ্ডা বাহিনীৰ দ্বাৰা চাৰিজন লোকক উপৰ্যুপুৰি আক্ৰমণৰ ঘটনা

183

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ১ নং বগিদাৰাত গুণ্ডা বাহিনীৰ দ্বাৰা চাৰিজন লোকক নিৰ্মম ভাবে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।স্বামীৰ দ্বাৰা পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা। অভিযোগ অনুসৰি স্থানীয় তমছেৰ আলীৰ পুত্ৰ হাফিজুৰ ৰহমানে(২৮) নিজ পত্নীক(জবেদা খাতুনক) দীৰ্ঘ দিনৰ পৰা নিৰ্যাতন চলাই অহাৰ পিছত বিগত ২ মে তাৰিখে পত্নীৰ গাৰ কাপোৰ খুলি কাপোৰ সমূহ পেট্ৰল ঢালি জ্বলাই দি হাত বান্ধি ৰাজপথত উলংগ কৰি শাৰীৰিক নিৰ্যাতন চলায়।ঘটনা সন্দৰ্ভত বোৱাৰী গৰাকীৰ জ্যেষ্ঠ ভাতৃ মহুবৰ আলীয়ে নিজ ভগ্নীক কৰা এনে অমানৱিয় নিৰ্যাতনৰ বাবে শাসন মুলক ভাবে ভনী জোৱাই হাফিজুৰ ৰহমানক দুটা চৰ দিয়াক কেন্দ্ৰ সৃষ্টি হয় লংকা কাণ্ডৰ।জানিব দিয়া অনুসৰি এই ঘটনাক কেন্দ্ৰ কৰি বিগত ৭ মে তাৰিখে বগিদাৰাস্থিত ছুইটছ্ গেট বজাৰত হাফিজুৰ ৰহমানৰ নেতৃত্বত দহ বাৰ জনীয়া এটা গুণ্ডা বাহিনীৰ দলে কুঠাৰ, ৰ’ড, দা, লাঠি আদিৰে বোৱাৰী গৰাকীৰ আত্মীয় চাৰিজনক উপৰ্যুপুৰি আক্ৰমণ কৰে। ঘটনাটোত তিনজন গুৰুতৰভাবে আহত হয়।ইয়াৰ মাজত এগৰাকী মহিলাও গুৰুতৰ ভাবে আহত হয়।ঘটনা সংক্ৰান্তত বোৱাৰী গৰাকীয়ে পাণবাৰী থানাত এখন এজাহাৰ দাখিল কৰে যদিও পাণবাৰী থানাৰ আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰে বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে।পাছত এই সংক্ৰান্তত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়ক ঘটনাৰ সবিশেষ অৱগত কৰোৱাত আৰক্ষী বিষয়া গৰাকীৰ তৎপৰতাত আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰাৰ লগতে মূল অভিযুক্ত তথা স্বামী হাফিজুৰ ৰহমানক(28) গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।কিন্তু বাকী আন অভিযুক্ত সকল আজিও পলাতক অৱস্থাত আছে।এনে পৰিপ্ৰেক্ষিতত মহিলা গৰাকীৰ লগতে জ্যেষ্ঠ ভাতৃ মহুবৰ আলী আৰু আহত ভুক্তভূগি লোক কেইজনে আটাইকেইজন দোষীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহাৰ দাবী উত্থাপন কৰে।