১ ছেপ্টেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হব মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ, কিন্তু…

180

১ ছেপ্টেম্বৰৰ পৰা মুকলি হ’ব মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰসমূহ। এই কথা ঘোষণা কৰিছে মেঘালয় চৰকাৰে। উত্তৰ-পূবৰ ৰাজ্যখনত কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটন ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ ঘোষণা কৰিছে চৰকাৰে। অৱশ্যে কোভিড নিগেটিভৰ শেহতীয়া ৰিপোৰ্ট আৰু ভেকচিন গ্ৰহণ কৰা লোককহে ৰাজ্যখনত প্ৰৱেশৰ অনুমতি দিয়া হব বুলিও স্পষ্ট কৰিছে চৰকাৰে।

ইফালে কোভিড নিয়ন্ত্ৰণৰ পিছত ১ চেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰো সিদ্ধান্ত লৈছে মেঘালয় চৰকাৰে।