১ চেপ্টেম্বৰত বিজেপিত যোগ দিব AIUDFৰ বিধায়ক ফণীধৰ তালুকদাৰে

110

ইজনৰ পিছত সিজন বিৰোধী বিধায়কৰ বিজেপি গমনে ৰাজ্যত ক্ৰমাৎ দুৰ্বল কৰিছে বিৰোধীৰ শক্তি। কংগ্ৰেছৰ কেইবাজনো বিধায়কে গেৰুৱা বসন পিন্ধাৰ পিছত এইবাৰ বিজেপি গমনৰ যো-জা চলাইছে আন এজন বিৰোধী বিধায়কে।

ভৱানীপুৰ সমষ্টিৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰৰ বিজেপিত যোগদান সন্দৰ্ভত চলা চৰ্চাত এইবাৰ ছীল মোহৰ লগালে খোদ বিধায়কগৰাকীয়ে। দেওবাৰে নিজৰ সমষ্টিৰ ২৫ গৰাকী কেঞ্চাৰ ৰোগীক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২৫ হাজাৰ টকাকৈ চেক প্ৰদান কৰি ১ চেপ্টেম্বৰৰ তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিব বুলি ঘোষণা কৰে।

তেওঁ কয়, “নিৰ্বাচিত হোৱাৰ তিনি মাহৰ পিছতে বিধায়ক পদ ত্যাগ কৰাটো কম সাহসৰ কথা নহয়।” কিন্তু উপ-নিৰ্বাচনতো সমষ্টিবাসীয়ে তেওঁক একেদৰেই আগবঢ়াই নিব বুলি মন্তব্য কৰে ফণীধৰ তালুকদাৰ।