১ এপ্ৰিলৰ পৰা ৰাজপথত চলিব নোৱাৰিব ১৫ বছৰতকৈও পুৰণি ৯ লাখ যান-বাহন।
এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে।
সংবাদ মাধ্যমৰ সন্মুখত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে পুৰণি বাহনসমূহে সৃষ্টি কৰা প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই সিদ্ধান্ত।
১৫ বছৰৰ অধিক পুৰণি বাছৰ লগতে অন্যান্য বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
