১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হব IPLৰ বাকী থকা খেল

106

ডিজিটেল ডেস্কঃ কোভিড পৰিস্থিতিৰ বাবে স্থগিত হৈ থকা ভাৰতৰ সৰ্ববৃহৎ ক্ৰীড়াযুদ্ধ আকৌ আৰম্ভ হ’বলৈ গৈ আছে। ভাৰতৰ পৰিবৰ্তে ডুবাইত অনুষ্ঠিত হবলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ খেলৰ সময়সূচী ইতিমধ্যে ঘোষণা কৰিছে কৰ্তৃপক্ষই।

অহা ১৯ ছেপ্টেম্বৰত আইপিএলৰ বাকী থকা খেলসমূহৰ প্ৰথমখন খেল আৰম্ভ হোৱাৰ পিছত ১৫ অক্টোবৰত অনুষ্ঠিত হব চূড়ান্ত খেলখন। ইফালে প্ৰথমখন খেলত ডুবাইৰ খেলপথাৰত সন্মুখ সমৰত উপনীত হব মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংগছ।

উল্লেখ্য যে, ভাৰতত কোৰোনাৰ দ্বিতীয় লহৰৰ মাজতে আইপিএলত অংশ লোৱা কেইবাগৰাকীও খেলুৱৈ আক্ৰান্ত হৈছিল কোৰোনাত। তাৰ পিছতে খেল কৰ্তৃপক্ষই আইপিএল স্থগিত ৰখাৰ ঘোষণা কৰিছিল।