প্ৰেম! প্ৰেমৰ বাবে মানুহে কি কি নকৰে! শেহতীয়াকৈ পোহৰলৈ অহা এনে এক ঘটনাই চকু কঁপালত তুলিব আপোনাৰ। জানিব পৰা মতে, ১৮ বছৰীয়া এগৰাকী যুৱতী বিবাহপাশত আৱদ্ধ হয় ৫০ বছৰীয়া এজনলোকৰ সৈতে।জানিব পৰা মতে,আজিৰ পৰা প্ৰায় ডেৰ মাহ পূৰ্বে ৩ জানুৱাৰীত আইতাকৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল এগৰাকী ১৮ বছৰীয়া যুৱতী। পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ পৰিয়ালৰলোকে অভিযোগ উত্থাপন কৰিছিল যে তেওঁলোকৰ কন্যাক ৫০ বছৰীয়া প্ৰকাশে অপহৰণ কৰিছে। কিন্তু অপহৰণ নহয় ৫০ বছৰীয়া এইলোকেজন প্ৰেমতহে পৰিছিল ১৮ বছৰীয়া যুৱতীগৰাকীৰ। কেইবাদিন ধৰিও চলা এই প্ৰেমৰ অন্তত প্ৰকাশে যুৱতীগৰাকীক লৈ যায় পলোৱাই ।এই ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ কোহ্লাপুৰত।