১৭৫ চি আৰ পি এফৰ উদ্যোগত চাফাই অভিযান

112

গুৱাহাটী: কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ( চি আৰ পি এফ ) গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত পহিলা ডিচেম্বৰৰ পৰা পালন কৰি অহা “স্বচ্ছতা পষেক “ৰ লগত সংগতি ৰাখি বেটেলিয়ান মুখ্য কাৰ্যালয় চৌহদৰ উপৰি কাষৰীয়া অঞ্চলত চাফাই অভিযান চলাই থকা হৈছে ।

১৭৫ চি আৰ পি এফৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত বাহিনীটোৰ বিষয়া- জোৱান সকলে হাতে হাতে ঝাড়ু , কোৰ- কোডাল লৈ কাৰ্যালয় চৌহদ আৰু কাষৰীয়া অঞ্চলত পথ – উপ পথ, নলা- নৰ্দমা , সমূহ চাফ-চিকুণ কৰি আছে ।

চাফাই অভিযানত বাহিনীটোৰ ডেপুটী কমাণ্ডেণ্টদ্বয় আব্দুল ৰহিম আৰু মনোজ সিং , মুখ্য চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰ , সহকাৰী কমাণ্ডেণ্ট সঞ্জয় কুমাৰ , পৰিদৰ্শক দেশবীৰ সিঙকে ধৰি কেবাজনো বিষয়াই ভাগ লয় । অহা ১৫ ডিচেম্বৰত স্বচ্ছতা পষেকৰ সামৰণি পৰিব ।