১৫ বছৰীয়া বৈবাহিক জীৱনৰ পৰিসমাপ্তিঃ বিবাহ বিচ্ছেদ হ’ল আমিৰ খান আৰু কিৰণ ৰাওৰ

86

১৫ বছৰীয়া বৈবাহিক জীৱনৰ পৰিসমাপ্তি ঘটাই পৃথক হোৱাৰ ঘোষণা কৰিছে বলীউড অভিনেতা আমিৰ খান আৰু প্ৰযোজক-পৰিচালক কিৰণ ৰাওৱে। শনিবাৰে বিবাহ বিচ্ছেদৰ আনুষ্ঠানিক ঘোষণা কৰি আমিৰ খান আৰু কিৰণ ৰাওৱে কয় যে তেওঁলোকে ১৫ বছৰ বিশ্বাস, ভালপোৱা আৰু সন্মানেৰে ইজনে আনজনৰ লগত পাৰ কৰিছে। এতিয়া পৃথকে পৃথকে তেওঁলোকে নতুনকৈ জীৱনটো আৰম্ভ কৰাৰ চিন্তা কৰিছে বাবেই বিবাহ বিচ্ছেদৰ দৰে কঠিন সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে বহুদিন আগৰ পৰাই পৃথক হোৱাৰ বিষয়ে চিন্তা চৰ্চা কৰি আছিল বুলিও এক বিবৃত্তিত প্ৰকাশ কৰে।

উল্লেখ্য যে, ২০০৫ চনত ‘লগান’ ছবিৰ দৃশ্য গ্ৰহণৰ সময়ত প্ৰথম চিনাকি হৈছিল আমিৰ খান আৰু কিৰণ ৰাওৰ। তাৰ পিছত তেওঁলোকে বিবাহ পাশত আৱদ্ধ হয়। ২০১১ চনত তেওঁলোক এটি সন্তানৰ পিতৃ-মাতৃও হয়। বলিউডৰ মিষ্টাৰ পাৰফেক্টছনিষ্ট ৰূপে পৰিচিত আমিৰ খান আৰু কিৰণ ৰাওৰ মাজৰ সম্পৰ্ক সদায় মধুৰ আছিল। তেওঁলোকে বিবাহ বিচ্ছেদ কৰিলেও কৰ্মক্ষেত্ৰত সদায় একেলগে কাম কৰি যাব বুলিও মন্তব্য কৰে।