অসম পুলিচ কনিষ্টবল পদৰ শাৰিৰীক মান পৰীক্ষা আৰু শাৰিৰীক দক্ষতা পৰীক্ষা(PST আৰু PET) ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। পৰ্যায়ক্ৰমে পুনৰ অনুষ্ঠিত হ’ব এই পৰীক্ষা । প্ৰথম পৰ্যায়ত অসমৰ ১৫ খন জিলাত অনুষ্ঠিত হ’ব পৰীক্ষা। অসম পুলিচৰ কনিষ্টবলৰ ২৩৯১(UB) আৰু ৪২৭১(AB) পদৰ বাবে অনুষ্ঠিত হ’ব এই শাৰিৰীক দক্ষতাৰ পৰীক্ষা। উল্লেখ্য,পূৰ্বে ২০২০ চনৰ ২৪ আগষ্টত ৰাজ্যৰ ১৬ খন জিলাত অনুষ্ঠিত হৈছিল যদিও অসম চৰকাৰৰ নিৰ্দেশমৰ্মে স্থগিত ৰখা হৈছিল পৰীক্ষা।
