১৫ আগষ্টৰ পৰা নিয়মীয়াকৈ শিল্পী পেঞ্চন লাভ কৰিব শিল্পী অৰুণ দাসে

60

৮০ৰ দশকৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰুণ দাসৰ আৰ্থিক অৱস্থা এতিয়া তেনেই দুৰ্বল। কোনোমতে পত্নীৰ সৈতে জীৱন নিৰ্বাহ কৰি থকা শিল্পীগৰাকীয়ে কিছুদিন পূৰ্বে কোৰোনাত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হবলগা হৈছিল। বৰ্তমান কোভিডক পৰাস্ত কৰি তেওঁ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে যদিও পুনৰ দেখা দিছে আৰ্থিক অনাটনে।

ইফালে ৰাজ্যৰ প্ৰখ্যাত শিল্পীগৰাকীক শিল্পী পেঞ্চন প্ৰদানৰ ঘোষণা কৰিছে অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ে। এই বিভাগৰ মন্ত্ৰী বিমল বৰাই বুধবাৰে কয় যে শিল্পী অৰুণ দাসক এক লাখ টকাৰ আৰ্থিক সাহায্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হব। আনহাতে ১৫ আগষ্টৰ পৰা শিল্পীগৰাকীয়ে নিয়মিয়াকৈ শিল্পী পেঞ্চন লাভ কৰিব বুলিও মন্তব্য কৰে বিমল বৰাই।