১৫ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

164

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ১৫ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বুলি উদ্যান কৰ্তৃপক্ষই জনায়।

মুখ্য বন সংৰক্ষক এম.কে যাদৱে কয় যে এইবাৰ পৰ্যটকৰ বাবে মূল আকৰ্ষণ হ’ব গঁড়ৰ খৰ্গৰ ছাইৰে নিৰ্মিত তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি।

২০২১ চনত জ্বলি উঠা গঁড়ৰ খৰ্গৰ ছাইৰে প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি যাদৱে কয় যে ১ সপ্তাহৰ ভিতৰত প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব আৰু ইয়াৰ ফলত এইবাৰ অধিক পৰ্যটক আকৰ্ষিত হ’ব বুলি কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে।