১৪০ কোটি ভাৰতীয়ৰ সপোন থানবান

91

১৪০ কোটি ভাৰতীয়ৰ সপোন থানবান, অলিম্পিকত স্বৰ্ণজয়ৰ সপোন চাৰখাৰ ভিনেশ ফোগাটৰ, অযোগ্য ঘোষণাৰ পিছত পাবনে ৰূপৰ পদক?পেৰিছ অলিম্পিকত স্বৰ্ণজয়ৰ সপোন চূৰমাৰ হ’ল মল্লযোদ্ধা ভিনেশ ফোগাটৰ। ভাৰতৰ তাৰকা মল্লযোদ্ধা ভিনেশ ফোগাটক ওজন অধিক হোৱা বাবে অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। স্বৰ্ণজয়ৰ প্ৰাকক্ষণত ভিনেশ ফোগাটৰ বাবে এই আহিল এই দুঃখবৰ।স্বৰ্ণপদকৰ পৰা মাত্ৰ এটা ষ্টেপ দূৰত আছিল ভিনেশ ফোগাট। কিন্তু তাৰ পূৰ্বে আশাত পৰিল চেঁচাপানী। ৫০ কেজি শাখাত স্বৰ্ণ পদকৰ বাবে যুঁজৰ পূৰ্বে ওজন বেছি হোৱা বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়। ভিনেশ ফোগাটে মঙলবাৰে পেৰিছ অলিম্পিক প্ৰি-কোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰ ফাইনেলত জিকি মহিলাৰ ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইলত ছেমি ফাইনেলত স্থান দখল কৰিছিল। ছেমিত কিউবাৰ খেলুৱৈক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছিল ভিনেশ।