১০ লাখ টকাৰ বিনিময়ত মাছুদ আজহাৰৰ ভাতৃপুত্ৰই সংঘটিত কৰিছিল পুলৱামা আক্ৰমণ

98

ডিজিটেল ডেস্কঃ পুলৱামা আক্ৰমণ সংঘটিত হোৱাৰ দুদিন পূৰ্বে জৈছ-এ-মহম্মদৰ প্ৰধান মাছুদ আজহাৰৰ ভাতৃপুত্ৰক প্ৰদান কৰা হৈছিল ১০ লাখ টকা। মাছুদৰ ভতিজা মহম্মদ ওমৰ ফাৰুকৰ দুটা পাকিস্তানী বেংক একাউণ্টযোগে এই ধন প্ৰদান কৰা হৈছিল পুলৱামা আক্ৰমণত ব্যৱহাৰৰ বাবে। যোৱা ২৫ আগষ্টত এনআইএয়ে দাখিল কৰা পুলৱামা কাণ্ডৰ চাৰ্জশ্বিটত এই তথ্য উল্লেখ কৰা হৈছে।

এনআইএৰ তদন্ত অনুসৰি, পুলৱামা কাণ্ডৰ মূল খলনায়ক ওমৰ ফাৰুকৰ পাকিস্তানত থকা এলাইড বেংক আৰু মেজান বেংকৰ যোগেদি সেই ধন প্ৰেৰণ কৰা হৈছিল। মহম্মদ ওমৰ ফাৰুকে সেই ধনৰ মুঠ ৬ লাখ টকা ব্যয় কৰি পুলৱামা আত্মঘাটী আক্ৰমণত ব্যৱহৃত মাৰুতি কাৰখন আৰু বিস্ফোৰক সামগ্ৰী ক্ৰয় কৰিছিল। তদন্ত অনুসৰি, ২০০ কেজি বিস্ফোৰক ক্ৰয়ৰ বাবদ ওমৰ ফাৰুকে ২.৮০ লাখ টকা ব্যয় কৰিছিল। আনহাতে পুলৱামা আক্ৰমণত ব্যৱহৃত আৰডিএক্স, জিলেটিন ষ্টিক পাকিস্তানৰ পৰা লাভ কৰিছিল সন্ত্ৰাসবাদীয়ে। প্ৰণিধানযোগ্য যে, পুলৱামা আক্ৰমণৰ পিছত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় মহম্মদ ওমৰ ফাৰুক।

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত চিআৰপিএফৰ কনভয়ত সংঘটিত হৈছিল এক আত্মঘাটী আক্ৰমণ। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত ৪০ গৰাকী চিআৰপিএফ জোৱান শ্বহীদ হৈছিল। এই ঘটনাৰ পিছত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনআইএয়ে তদন্ত চলাই যোৱা ২৫ আগষ্টত প্ৰায় ১৩,০০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰে। এই চাৰ্জশ্বিটত জৈছ-এ-মহম্মদৰ প্ৰধান মাছুদ আজহাৰৰ নামো উল্লেখ কৰা হৈছে।