১০ বছৰে সন্ধানহীন শুৱালকুছিৰ এজন যুৱক৷ পৰিয়ালে পালছাৰ বাইক নিদিয়াৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল বাবলু ডেকা৷ কলিতা মন্দিৰ নিৱাসী সৈত্যেন্দ্ৰ ডেকা, মিনতি ডেকাৰ জ্যেষ্ঠ পুত্ৰ বাবলু৷ ছমাহ পূৰ্বে ফেচবুক একাউণ্টত আপলোড কৰিছিল সৰুকালৰ এখন ফটো৷ ফটো আপলোড কৰিয়েই একাউণ্টটো ডিলিট কৰিছিল বাবলু ডেকাই৷ পুত্ৰ ঘূৰি অহাৰ অপেক্ষাত দিন-ৰাতি পাৰ কৰিছে পিতৃ-মাতৃয়ে৷
