১০ ডিচেম্বৰৰ পৰা ৰাজ্যত বৃদ্ধি পাব বিলাতী সুৰাৰ দাম। এই কথা ঘোষণা কৰিলে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ৰাজহ সংগ্ৰহৰ বাবে দামী বিলাতী সুৰাৰ দাম ১৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে সুৰাৰ দাম বৃদ্ধিৰ আঁৰত ৰাজ্যৰ উন্নয়নৰ প্ৰশ্ন জড়িত হৈ আছে। দাম বৃদ্ধিৰে সংগ্ৰহ কৰা ৰাজহ বাট–পথ নিৰ্মাণতে ব্যৱহাৰ হ’ব বুলি কয় শুক্লবৈদ্যই।
মদ নোখোৱাৰ সপক্ষেও যুক্তি দিলে আবকাৰী মন্ত্ৰীয়ে। তেওঁ ক’লে, ‘‘মদ খাব লাগিব বুলিতো কোনো কথা নাই৷ যিসকলে মদ খাই সেইসকলে ৰাজহ দিব৷’’
উল্লেখযোগ্য যে ১০ ডিচেম্বৰৰ পৰা দামী সুৰাৰ দাম ১৫% বৃদ্ধি হ’ব। নতুনকৈ ৰাজ্যত ১৮খন ৱাইন শ্ব’প খোলাৰ অনুমতি দিয়া হৈছে৷ ৰাজ্যত ১৬০০ ৰেষ্টুৰেণ্টত কাম বাৰ অৰ্থাৎ অপেন শ্ব’প আছে৷
