ৰিদিপ বৰঠাকুৰ, যোৰহাট: আজি ১০৭ নং থাওৰা সমষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুশান্ত বৰগোহাইৰ হৈ খামুণ, ম`হ খুতি, কোৱৰটিং , আঠাবাৰী আৰু ৰাইজমাইত ৫ খন কৈ উপ নিৰ্বাচনৰ প্ৰচাৰ নিৰ্বাচনী সভাত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অসমৰ মুখ্য মন্ৰী ড° হিমন্ত বিশ্ব শাৰ্মাৰ লগতে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু , শক্তি মন্ত্ৰী বিমল বৰা , পিযুজ হাজৰিকা, ৰাজহ আৰু অসামৰিক যোগান মন্ত্ৰী যোগেন মহন আদিকে ধৰি বিজেপিৰ বিধায়ক-মন্ত্ৰীয়ে থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়।
উল্লেখ্য যে, ২০২১ৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা সুশান্ত বৰগোহাঁইয়ে কংগ্ৰেছৰ টিকটৰ প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগ দিয়াত সমষ্টিটোত পুনৰ উপ নিৰ্বাচন অনুষ্ঠিত হয়। এইবাৰ বিজেপিৰ প্ৰাৰ্থীৰূপে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব সুশান্ত বৰগোহাঁইয়ে।
