১০০ শতাংশ যাত্রীৰে আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

106

আজিৰে পৰা পুনৰ আৰম্ভ হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। সুদীৰ্ঘ ৪ মাহৰ পিছত এশ শতাংশ যাত্রীৰে পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ চলিব এই ফেৰী সেৱা।

মধ্যম খণ্ডৰ পাৰঘাটৰ বালি চৰৰ বাবে ৰজাদুৱাৰ ঘাটৰ পৰাই দুয়োটা ঘাটৰ ফেৰী চলাচল কৰিব বুলি মধ্যম খণ্ড ঘাটৰ ঘাট নিয়ন্ত্ৰক প্ৰসন্ন দাসে জানিবলৈ দিছে। মধ্যমখণ্ড ঘাটৰ আঁসোৱাহ দূৰ হ’লে পুনৰ এই ঘাটৰ পৰা পৃথকে চলোৱা হ’ব ফেৰী।