১০০ৰো অধিক কোভিড ৰোগী থকা জিলাত বন্ধ থাকিব পঞ্চম শ্ৰেণী পৰ্যন্ত পাঠদান

65

অসমত নিৰ্বাচন শেষ। নিৰ্বাচনৰ পিছতে এতিয়া কোৰোনাৰ ভয়াবহ ৰূপে আতংকিত কৰিছে ৰাজ্যবাসীক। পুনৰ এবাৰ বিহুৰ উছাহ ম্লান পেলাইছে মহামাৰী কোৰোনাই। তাৰ মাজতে প্ৰতি দিনে বৃদ্ধি পাইছে কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা। আজি জিএমচিএইচৰ কনফাৰেন্স হলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি কোভিড পৰিস্থিতি ৰাজ্যত পূৰ্বতকৈ জটিল হোৱা বুলি মন্তব্য কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, বৰ্তমানলৈ ৪০৬৯জন কোভিড ৰোগী আছে। তেওঁ লগতে কয়, ‘গধূলিলৈ পৰিৱেশ কিছু সলনি হ’ব। ২০ মাৰ্চৰ পৰা আজিলৈকে কোভিড পৰিৱেশ সলনি হৈছে। ২০ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ কোভিডৰ এভাৰেজ কেচ আছিল ৩৬টা প্ৰতিদিনে। ৩ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈকে ১৪৬টা কোভিড কেচ প্ৰতিদিনে। যিখন জিলাতেই ১০০টা পজিটিভ কেচ আছে, তাত এলিমেন্ট্ৰী স্কুল সমূহ বন্ধ হ’ব। অৰ্থাৎ ৫ম শ্ৰেণীলৈকে পাঠদান নহয়।’

কামৰূপ মেট্ৰত আছে ১৮৬০, নগাঁৱত ১৪৪টা, যোৰহাটত ১৩৩, তিনিচুকীয়া ১৩১, কাচাৰাত ১২০টা আৰু শোণিতপুৰত ১১৯টা। ডিব্ৰুগড়, কামৰূপ গ্ৰাম্যতো আছে ১০০ৰো অধিক কোভিড একটিভ কেচ। ৭ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিলৈকে এই জিলা কেইখনৰ কোভিড একটিভ কেচ। উল্লেখ্য যে, শিক্ষা বিভাগে সকলো দায়িত্ব দিছে জিলা উপায়ুক্তক। নিজৰ নিজৰ জিলাত ১০০তকৈ বেছি কোভিড একটিভ কেচ হ’লে প্ৰাথমিক বিদ্যালয় বন্ধ হ’ব।
১৮ এপ্ৰিলৰ পৰা এয়া প্ৰযোজ্য হ’ব। যোৱা সপ্তাহত এভাৰেজ ৫৪৮১৫টা কোভিড টেষ্ট কৰা হৈছে।