হৰ্ণ বজোৱাৰ বাবেই বাছ চালকক নিৰ্মমভাৱে প্ৰহাৰ, ৭ জনক গ্ৰেপ্তাৰ

203

অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ কাৱলীৰ সমীপত অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ চালকক আক্ৰমণ কৰাৰ অভিযোগত ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

পথৰ ক্ষোভৰ কাণ্ডত বাছ চালক বি ৰাম সিং (৫২ বছৰীয়া)ক ৭ জনতকৈ অধিক লোকে আক্ৰমণ কৰে। নেল্লোৰৰ আৰক্ষী অধীক্ষক কে তিৰুমালেশ্বৰ ৰেড্ডীয়ে জনোৱা মতে, ২৬ অক্টোবৰত বাছখন কাৱলী মাছ বজাৰৰ ওচৰ পাওঁতে ৰাম সিঙে সন্মুখৰ গাড়ীখনত হৰ্ণ বজাইছিল। ইয়াৰ ফলত ৰাইজ ক্ষুব্ধ হৈ ৰাম সিংহক আক্ৰমণ কৰে।

যদিও তাতেই সমস্যাৰ সমাধান হয়, তথাপিও দুখন গাড়ীৰে বাছখনৰ পিছে পিছে ৭ জন লোকে মধুপাডু চাৰ্ভিচ ৰোডৰ ১৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৰাম সিঙক ৰখাই আক্ৰমণ কৰে।

অভিযুক্তই ৰাম সিঙক চালকৰ আসনৰ পৰা টানি আনি প্ৰহাৰ কৰে। এই সময়ছোৱাত তেওঁ সহকাৰী চালক টি শ্ৰীনিবাসন ৰাওকো ৰেহাই নিদিলে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে বিশেষ দল গঠন কৰি ভাইৰেল হোৱা আক্ৰমণৰ ভিডিঅ’ৰ পৰা অভিযুক্তক চিনাক্ত কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁক ধৰিলে। আন পলায়ন কৰা লোকৰ সন্ধান চলি আছে।