ভাৰতত ক্ৰমাৎ হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ। সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ২৬ হাজাৰ ৪১জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। সোমবাৰৰ সংক্ৰমণৰ হাৰ দেওবাৰৰ তুলনাত আঠ শতাংশ কম।
ইফালে এই সময়ছোৱাত ২৯,৬২১ জন লোক আৰোগ্য হৈছে আৰু মৃত্যু ঘটিছে ২৭৬ জনৰ। মহামাৰীৰ দিনৰ পৰা আজিলৈকে, দেশত মুঠ কৰোনা পীড়িতৰ সংখ্যা হৈছে ৩ কোটি ৩৬ লাখ ৭৮ হাজাৰ ৭৮৭ জন। মুঠ ৩ কোটি ২৯ লাখ ৩১ হাজাৰ ৯৭২ জন লোক সুস্থ হৈ উঠিছে। বৰ্তমান, দেশত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ২,৯৯,৬২০ জন।
কোভিডৰ সংক্ৰমণ হ্ৰাস পালেও আতংক অব্যাহত আছে বৰ্তমানো। কেইদিনমান আগতে, আইচিএমআৰ-ৰ এক অধ্যয়নত দেখুওৱা হৈছিল যে টিকাৰ দুগুণ পালি গ্ৰহণ কৰাৰ চাৰি মাহৰ ভিতৰত, শৰীৰত কোভিড ১৯-ৰ এণ্টিবডী হ্ৰাস হ’বলৈ আৰম্ভ কৰে। বিজ্ঞানীৰ এটা দলে উৰিষ্যাৰ ৬১৪ জন লোকৰ ভিতৰত অধ্যয়নটো চলাইছিল। আৰু ইয়াৰ জৰিয়তে হে সেই তথ্য জনা যায়। পৰীক্ষাটো তেতিয়া হৈছিল যেতিয়া ডেল্টা প্ৰকাৰবোৰ ভাৰতত আছিল। য’ত ৩০৮ জন অংশগ্ৰহণকাৰীক কভিশ্বিল্ডৰ দুটা পালি দিয়া হৈছিল। বাকী ৩০৬ জনে কভাক্সিনৰ দুটা পালি গ্ৰহণ কৰিছিল।
