উৎসৱৰ বতৰত পুনৰ কিছু সকাহ লাভ কৰিছে দেশবাসীয়ে। বিগত দুটা দিনত কোভিড সংক্ৰমণৰ হাৰ হঠাৎ বৃদ্ধি পাইছিল যদিও শনিবাৰৰ দিনটোত পুনৰ সংক্ৰমণ কিছু হ্ৰাস পায়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক প্ৰতিবেদন অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ২৪,৩৫৪ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। যোৱা দিনৰ তুলনাত কোভিড সংক্ৰমণ ৮.৮ শতাংশ হ্ৰাস পাইছে। দৈনিক বুলেটিন অনুসৰি, আজিৰ দিনটোত দেশত ২৩৪ জন লোকৰ মৃত্যু ঘটে।
বৰ্তমান, দেশত সক্ৰিয় কোৰোনা ৰোগীৰ মুঠ সংখ্যা হৈছে ২৭৩,০০০,৮৮৯ জন। যোৱা ১৯৭ দিনত সক্ৰিয় ৰোগীৰ সংখ্যা আজিৰ দিনটোতে আটাইতকৈ কম। কিন্তু কেৰালা এতিয়াও সংক্ৰমণৰ শীৰ্ষত আছে। মুঠ সংক্ৰমণৰ হাৰৰ ভিতৰত, কেৰালাতে কেৱল ১৩,৮৩৪ জন আক্ৰান্ত হৈছে বিগত ২৪ ঘণ্টাত। কিন্তু বৰ্তমান সুস্থতাৰ হাৰ ৯৭.৮৬ শতাংশ। যিটো সৰ্বাধিক।
