হ্ৰাস পাইছে কোভিড সংক্ৰমণ, দিল্লীত খুলিব স্কুল…

90

ডিজিটেল ডেস্ক:- সমগ্ৰ দেশত এতিয়া আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিগত প্ৰায় ৪ মাহ মহমাৰী কোভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বাহাল ৰখা লকডাউনত সমগ্ৰ দেশ তীব্ৰ আৰ্থিক সংকতৰ সন্মুখীন হবলগা হৈছে। ভাৰতত কোৰোনা ভাইৰাছৰ সন্ত্ৰাস এতিয়াও আতৰ নহলেও ইতিমধ্যে বিভিন্ন নিৰ্দেশনা প্ৰদানেৰে আনলক প্ৰক্ৰিয়া আৰম্ভ কৰি দোকান-পোহাৰ আদি খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে কেইবাখনো ৰাজ্যই এতিয়াও কোভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন অব্যাহত ৰাখিছে।

দেশৰ কোভিড সংক্ৰমণৰ হটস্পট হিচাপে পৰিগণিত হোৱা ৰাজধানী দিল্লীত ক্ৰমাৎ হ্ৰাস পাইছে সংক্ৰমিত ৰোগীৰ সংখ্যা। বিগত কিছু দিনৰ পৰা দিল্লীত প্ৰতিদিনে সংক্ৰমিত ৰোগীৰ সংখ্যা এহেজাৰৰো কম হোৱা পৰিলক্ষিত হৈছে। তেনে পৰিপ্ৰেক্ষিততেই এতিয়া দিল্লী চৰকাৰেও আনলক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰিছে।

বিগত এপষেকতকৈও অধিক সময় ধৰি বন্ধ হৈ থকা বিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান, জিম আদি খুলি দিয়াৰ বাবে দিল্লী চৰকাৰে ৰাজ্যপাল অনিল বৈজললৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। এই কথা সদৰী কৰিছে দিল্লী চৰকাৰৰ এক সূত্ৰই। সূত্ৰটোৱে জানিবলৈ দিয়া মতে কোভিড সংক্ৰমণ হ্ৰাস পোৱা অঞ্চলসমূহৰ সাপ্তাহিক বজাৰ আদিও মুকলি কৰাৰ বাবে প্ৰস্তাৱ দিয়া হৈছে ৰাজ্যপালক।