আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ দিশে ডেম’ক্ৰেটিক পাৰ্টীৰ জ’ বাইডেন। ড’নাল্ড ট্ৰাম্পতকৈ যথেষ্ট অগ্ৰগতি লাভ কৰিছে বাইডেনে। উল্লেখ যে, ১৯৯২ চনৰ পিছত প্ৰথমবাৰৰ বাবে ডেমক্ৰেটিক দলৰ প্ৰাৰ্থীয়ে এনেদৰে বিপুল সমৰ্থন লাভ কৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি এনে এটা পদ, যি বিশ্বৰ যিকোনো এখন দেশৰ ৰাষ্ট্ৰপতিতকৈ অধিক শক্তিশালী। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আছে অপৰিসীম ক্ষমতা। লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে লাভ কৰে বৃহত্ পৰিমাণৰ দৰমহা। ইয়াৰ উপৰিও আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বিভিন্ন ধৰণৰ ভাট্টা লাভ কৰে।
আমেৰিকাৰ ৰাষ্টপতিয়ে লাভ কৰে হোৱাইট হাউচ। ১৭৯২ চনত প্ৰথমবাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে হোৱাইট হাউচ লাভ কৰিছিল। হোৱাইট হাউচত আছে ১৩২ টা কোঠা। আছে টেনিচ কোৰ্ট আৰু ছুইমিং পুল। ৫১ চিটৰ এখন মিনি থিয়েটাৰো আছে।
ইয়াৰ উপৰিও আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পাৰ্চনেল লোন, হেলিকপ্টাৰৰ সুবিধা লাভ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৪০ লাখ টকা বছৰেকীয়া ভাট্টা পৃথককৈ লাভ কৰে। যাত্ৰা কৰাৰ বাবেও লাভ কৰে ৮০ লাখ টকা।
এতিয়া এনেবোৰ সুবিধা লাভৰ দিশে আগবাঢ়িছে ডেম’ক্ৰেটিক পাৰ্টীৰ জ’ বাইডেন।
