কলিয়াবৰৰ শিলঘাটৰ শহুৰৰ গৃহত থকা বিপুল’ দে (৩২)ৰ দেহত হৈছে কভিড -১৯ৰ সংক্ৰমণ। শিলঘাট গাঁৱৰ বুবুল দাসৰ গৃহত যোৱা এবছৰ ধৰি বাস কৰা বৰ জোঁৱাই বিপুল দে’ আক্ৰান্ত হৈছে কভিড-১৯ত।ঘটনাক্ৰমে শহুৰেকৰ ঘৰলৈ বাবুল দাসৰ তৃতীয় জোঁৱাই তপন মণ্ডল যোৱা ১৬ জুন তাৰিখে কলকতাৰ পৰা কোনো ধৰণৰ চৰকাৰী নীতি-নিয়ম পালন নকৰাকৈ শহুৰৰ ঘৰত উপস্থিত হয়। চুবুৰীয়াই প্ৰশাসনক অৱগত কৰাৰ পিছত দাসৰ পৰিয়ালৰ স্বাব সংগ্ৰহ কৰাৰ লগতে পৰিয়ালটোক হ’ম কোৱাৰেণ্টাইন কৰিবলৈ নিৰ্দেশ দিয়ে প্ৰশাসনে।সোমবাৰে নিশা ঘোষণা কৰা স্বাব পৰীক্ষাৰ ফলাফলত পৰিয়ালটোৰ বৰ জোঁৱাই বিপুল দে’ কভিড -১৯ত সংক্ৰমিত হোৱাটো প্ৰমাণিত হয়। প্ৰশাসনে নিশাই শিলঘাটৰ পৰা বিপুল দে’ক নগাঁৱৰ কভিড হস্পিতাললৈ প্ৰেৰণ কৰে।আনহাতে, পৰিয়ালটোৱে হোম কোৱাৰাণ্টাইন পালন নকৰাৰ চুবুৰীয়াৰ অভিযোগৰ ফলত অঞ্চলটোত কভিড সংক্ৰমণৰ শংকাই ত্ৰস্ত কৰিছে শিলঘাট অঞ্চলক। তদুপৰি, পৰিয়ালটোৱে স্থানীয় আশাকৰ্মী গৰাকীকো অভব্য আচৰণ কৰা বুলি অভিযোগ উঠিছে। মংগলবাৰে আক্ৰান্ত যুৱকজনৰ পৰিয়ালসহ চুবুৰীটোৰ ৮ পৰিয়ালৰ ৩৯ জনৰ স্বাব পৰীক্ষাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।
Latest article
বন বিভাগৰ সফল অভিযান
ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে পুনৰ চালান বিহিন বালি ভৰ্তি দুখন টেক্টৰ জব্দ কৰে। ওদালগুৰি জিলা বন বিভাগৰ ডি এফ অ মোস্তাফা আলি...
এক আজৱ ঘটনা
পৰম্পৰা তথা প্ৰথাৰ নামত একাংশ লোকে জঘন্য কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। এনে এক প্ৰথা পাকিস্তানত প্ৰচলিত আছে। যাৰ অধীনত ৪ বছৰীয়া শিশুক ৬০ বছৰীয়া...
অৱশেষত ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল
ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত মুঠ ২,৭০,৪৭২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। ইয়াৰোপৰি শীৰ্ষ ৩ শিক্ষাৰ্থীৰ নাম ঘোষণা কৰে বোৰ্ডে। শীৰ্ষৰ ২...