হোণ্ডাৰ মাৰ্চ মাহ পৰ্যন্ত ২,৬১,৬৯৯ দুচকীয়া বাহন বিক্ৰী

106

মুম্বাই, ১৪ এপ্ৰিল ::
হোণ্ডা মটৰ চাইকেল আৰু স্কুটাৰ ইণ্ডিয়াই চলিত বছৰৰ মাৰ্চ মাহ পৰ্যন্ত ২,৬১,৬৯৯ ইউনিট বিক্ৰী কৰিবলৈ সক্ষম হৈছে। এই বিক্ৰীৰ হাৰ ২০১৯ বৰ্ষৰ মাৰ্চ মাহত আছিল ২, ৪৯, ১৩৬ ইউনিট। হোণ্ডাৰ ঘৰুৱা বিক্ৰীৰ হাৰ ১১ শতাংশ বৃদ্ধি হৈছে। তদুপৰি লকডাউনৰ সময়ছোৱাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি হোণ্ডাৰ সহযোগী সকলে ঘৰৰ পৰাই কাম কৰি কোম্পানীক সহযোগিতা আগবঢ়াই আছে। আনহাতে গ্ৰাহকৰ বাবে বিনামূলীয়া সেৱা, ৱাৰেন্টি যি ১৫ মাৰ্চৰ পৰা ১৫ এপ্ৰিল পৰ্যন্ত ধৰি দিয়া হৈছিল সেয়া গ্ৰাহকৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি পুনৰ দুমাহৰ বাবে বঢ়াই দিয়া হৈছে। উল্লেখ হোণ্ডাই ২০১৯-২০২০ (এপ্ৰিল ২০১৯ ৰ পৰা ২০২০ চনৰ মাৰ্চ মাহ)ৰ বিত্তীয় বৰ্ষত মুঠ ৫০,৩১,২৯৭ দুচকীয়া বাহন বিক্ৰী কৰিবলৈ সক্ষম হৈছে।