হোজাই কালিবাৰীত ভয়ংকৰ অঘটন…

65

হোজাই কালিবাৰীত ভয়ংকৰ অঘটন৷

ঘৰৰ চাদ ভাগি চাদৰ তলত আৱদ্ধ হৈ এজন শ্ৰমিকৰ মৃত্যু৷

হোজাই কালিবাৰীৰ বিজয় দেৱনাথৰ গৃহত সংঘটিত হৈছে এই ঘটনা৷

বিজয় দেৱনাথে এমাহ পূৰ্বে দিয়া চাঁদ খোলাৰ কামত আজি নিয়োজিত কৰা হৈছিল শ্ৰমিককেইজনক৷

কাম কৰি থকাৰ সময়তে ঘৰৰ চাঁদ ভাগি যোৱাত চাদৰ তলত আৱদ্ধ হৈ পৰে শ্ৰমিক পিতা-পুত্ৰ সহ আন এজন৷

চাঁদৰ তলত আৱদ্ধ হৈ থিতাতে মৃত্যুক আঁকোৱালি লয় মিথুন মণ্ডল নামৰ যুৱকজনে৷ আনহাতে পিতৃ ধিৰান মণ্ডল আৰু আনজন শ্ৰমিক নাৰায়ন দাসো গুৰুতৰভাৱে আহত হয়৷

ঘটনাস্থলীত হোজাই আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ জেচিবৰে শ্ৰমিকজনৰ মৃতদেহটো উদ্ধাৰ কৰে মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ লগতে আহত দুয়োজন শ্ৰমিকেক হোজাই FRU ত ভৰ্তি কৰা হয়৷

শ্ৰমিকৰ কাম কৰি থাকোতে পিতৃৰ সন্মুখতে পুত্ৰৰ কৰুন মৃত্যুৱে হোজাইত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷

  • হোজাইৰ পৰা সমৰ দেবনাথৰ ৰিপ’ৰ্ট