হোজাইৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ আতংক

64

সমৰ দেৱনাথ, হোজাইঃ এফালে কোৰোনাতঙ্ক, আন ফালে আকৌ গজৰাজৰ তাণ্ডৱ। হোজাইৰ দাঁতিকাষৰীয়া গ্রাম্যঞ্চলৰ লোক সকল প্ৰায়ে নিশা উজাগৰে কটাবলগীয়া হৈছে বন্যহস্তীৰ উপদ্ৰৱত। সন্ধিয়া হোৱাৰ লগে লগে ভয় আতংকৰ মাজত কটাবলগীয়া হৈছে বন্যহস্তীৰ বাবে।

কিয়নো বিগত কিছু দিনৰ পৰা হোজাইৰ বিভিন্ন গ্রাম্যঞ্চলত বন্যহস্তীৰ উপদ্ৰপ বৃদ্ধি পাইছে। যোৱা নিশাও হোজাইৰ পূব নন্দপুৰত তিনিটা বন্যহস্তীৰ জাক এটাই অঞ্চলটোৰ তিনিটা কৈ বাসগৃহত তাণ্ডৱ চলায়। সম্পাৱতী দেৱীৰ বাসগৃহ সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰাৰ উপৰিও ঘৰত মজুত থকা ধান খাই তহিলং কৰে হাতীৰ জাকটোৱে।

আনহাতে কুঞ্জমোহন সিং আৰু প্ৰদীপ কুমাৰ সিঙৰ বাসগৃহৰ আংশিক ক্ষতি কৰে হাতীয়ে। হাতীৰ আক্ৰমণৰ পৰা কথামপি ৰক্ষা পৰে সম্পাৱতী দেৱীৰ পৰিয়ালৰ লোকসকল। উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা বন্যহস্তীৰ উপদ্ৰপ বৃদ্ধি পাইছে যদিও হোজাইৰ বন বিভাগে আজিকোপতি বন্যহস্তীৰ সন্ত্ৰাস প্ৰতিৰোধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। হোজাইৰ বনবিভাগৰ কেতিয়ালৈ বন্যহস্তী প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হব লক্ষণীয়।