হোজাইৰ পুৰণি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

67

সমৰ দেৱনাথ, হোজাইঃ হোজাইৰ পুৰণি বজাৰত শনিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। পুৰণি বজাৰৰ চাৰওগী টেক্সটাইল কাপোৰ দোকানখনৰ তৃতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে আতংকৰ সৃষ্টি হয়। উল্লেখ্য যে, অট্টালিকাটোৰ তৃতীয় মহলাৰ কৰ্মচাৰী থকা বন্ধ কক্ষতে সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ছাই হৈ পৰে তৃতীয় মহলাৰ কোঠালিটো। পিছত ৰাইজৰ সহযোগত আৰক্ষী, চিআৰপিএফ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অৱশ্যে এই অগ্নিকাণ্ডত হতা-হতৰ বিষয়ে এতিয়া জানিব পৰা হোৱা নাই। চৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষী আৰু ৰাইজে।