হোজাইৰ ডবকাত বৃহৎ পৰিমাণৰ চন্দন কাঠ জব্দ

171

সমৰ দেৱনাথ, হোজাইঃ হোজাইৰ ডবকা কছাৰীপাৰাত আজি বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ বহু মূল্যবান চন্দন কাঠ জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন খবৰৰ ভিত্তিত হোজাই বন বিষয়া তামচিন আখতাৰৰ নেতৃত্বত বন বিভাগৰ দলে ডবকা আৰক্ষীৰ সহযোগত অভিযান চলাই জব্দ কৰে অবৈধ চন্দন কাঠখিনি।

অৱশ্যে এই চন্দন কাঠৰ সৰবৰাহৰে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল বন বিভাগৰ দলটো। জব্দকৃত কাঠৰ টুকুৰাখিনি হোজাইৰ বন কাৰ্যালয়লৈ আনি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে।