হোজাইৰ জোৰপুখুৰীত ৩ কেজি গাঞ্জাসহ এজনক আটক

88

সমৰ দেৱনাথ, হোজাইঃ হোজাইৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ, মদ-ভাঙৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। হোজাইৰ জোৰপুখুৰীত শংকৰদেৱ নগৰ আৰক্ষীয়ে অভিযান চলাই এজন লোকৰ বাসগৃহৰ পৰা ৩ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

জোৰপুখুৰী বজাৰৰ কিছু নিলগৰ এটা মন্দিৰৰ সমীপত থকা এজন লোকৰ বাসগৃহত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই লুকুৱাই ৰখা গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়। এই গাঞ্জা ব্যৱসায়ৰে জড়িত গণেশ নামৰ এজন লোককো শংকৰদেৱ নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।