হোজাইৰ চৰকাৰী কাৰ্যালয়ত স্বাধীনতা দিৱসৰ দিনাও উত্তোলন নহল ৰাষ্ট্ৰীয় পতাকা

120

সমৰ দেৱনাথ, হোজাই:- আজি দেশৰ ৭৫তম স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে হোজাই জিলাতো উলহ মালহৰে পালন কৰিছে দেশৰ ৭৫তম স্বাধীনতা দিৱস।

কিন্তু হোজাইৰ এটা চৰকাৰী কাৰ্যালয়ত দেখা গৈছে বিপৰীত দৃশ্য। ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ ডাক বিভাগৰ পদুম পুখুৰী চিকাৰী গেইটৰ শাখাৰ কাৰ্যালয়ত আজি উত্তোলন কৰা নহল ৰাষ্ট্ৰীয় পতাকা।

কিন্তু প্ৰশ্ন হয় যি সময়ত সমগ্ৰ ভাৰতবৰ্ষত অতি উলহ মালহৰে স্বাধীনতা দিৱস পালন কৰিছে তেনে সময়তে হোজাইৰ চিকাৰী গেইটৰ এই দৃশ্যই হোজাইবাসীক লজ্জিত কৰিছে।