হোজাইত হেৰোইনসহ সৰবৰাহকাৰীক আটক

122

হোজাই জিলাৰ ডিমৰুপাৰ অঞ্চলত আৰক্ষীয়ে অভিযান চলাই বুধবাৰে নিশা ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিৰ নেতৃত্বত আৰক্ষীৰ দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীজনক।

ধৃত সৰবৰাহকাৰী জনক শ্বেহনাজ উদ্দিন বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তৰ পৰা ১২ গ্ৰাম হেৰোইন জব্দ কৰে। জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লাখ টকা বুলি আৰক্ষীৰ সূত্রত প্ৰকাশ।

সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা ধৃত শ্বেহনাজ উদ্দিনে হেৰ’ইনখিনি যমুনামুখৰ পৰা বিক্ৰীৰ বাবে হোজাইলৈ অনা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।