হোজাইত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

130

সমৰ দেৱনাথ, হোজাইঃ হোজাইৰ ৰামপুৰবস্তিৰ এখন হাবিৰ মাজত যুৱকৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শনিবাৰে হাবিৰ মাজত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

মৃতদেহ উদ্ধাৰ হোৱা যুৱকজন অজয় শৰ্মা বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে, স্থানীয় ৰামনাথ পাণ্ডে নামৰ এজন ব্যক্তিৰ ঘৰত দীৰ্ঘদিন ধৰি লগুৱা হিচাপে কাম কৰি আছিল অজয় শৰ্মা। শুকুৰবাৰৰ সন্ধিয়াৰ পৰা নিখোজ হৈ থকা যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে। অৱশ্যে এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়াও স্পষ্ট কৰা নাই আৰক্ষীয়ে।