হোজাইত মছজিদৰ ইমামৰ কামনাৰ বলি হ’ল কণমানি

93

হোজাই জিলাৰ উদালিত সংঘটিত হৈছে অন্য এক সভ্য সমাজক লজ্জানত কৰা ঘটনা। ৰাজ্যত শিশু নিগ্ৰহৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে হোজাইৰ উদালিত মছজিদৰ ইমামৰ কামনাৰ বলি হ’ল এগৰাকী ৬ বছৰীয়া শিশু। ঘটনা পোহৰলৈ অহাৰ পিছতে হোজাই আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত ইমামজনক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, পূব উদালিস্থিত মছজিদৰ ইমাম আব্দুল ছামাদে গাঁওখনৰ এটি ৬ বছৰীয়া কণমানিক মছজিদ পৰিস্কাৰ কৰাৰ বাবে লৈ যায় আৰু মছজিদৰ ভিতৰতে অসৎ কাৰ্য সম্পন্ন কৰে। পিছত শিশুটিয়ে ঘৰলৈ আহি ইমামজনৰ বিষয়ে পৰিয়ালক সকলো কৈ দিয়াত শিশুটিৰ পৰিয়ালে লম্পট ইমাম আব্দুল ছামাদৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আব্দুল ছামাদক।

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। জানিব পৰা মতে, গাঁওখনৰ কেইবাটাও শিশুক এই লম্পট ইমামজনে মছজিদত পঢ়ুৱাইয়ো আহিছিল।